Posts

দৌৰ.... জীৱনৰ বাবে !!

Image
" ১৪/১১ ; দৌৰ... জীৱনৰ বাবে !! " স্মিত বেলিটোৱে সিদিনা পুৱাতেই পিন্ধি লৈছিল  তেজোদীপ্ত এটি চোলা... চৌদিশে ছটিয়াই দিছিল প্ৰাণভৰা উচ্ছ্বাসৰ বন্যা.. আছিল য'ত অফুৰন্ত হেঁপাহ... জীৱন জিনি যোৱাৰ-- কোনো বাধাই টলাব নোৱাৰা কাহানিও সেও নমনা সেই প্ৰাঞ্জলতাত টগবগাই উঠিছিল -- ভৰুণ এটি আশা দুৰ্লংঘ্য  , দুৰ্নিবাৰ....  এয়া যে দৌৰ... জীৱনৰ -- সংকল্পৰ -- সংহতিৰ...  অবিৰাম , নিৰন্তৰ।। ---  © কৃষ্ণা সোণোৱাল            ১৫/১১/২০২১

অকৃত্ৰিম

লেখালৈ এৰাই যাওক অকৃত্ৰিম তৰা আৰু বিভূৱে এইবাৰৰ গৰমৰ বন্ধটো কটাবলৈ কল্পনা পেহীয়েকৰ ঘৰলৈ যাবলৈ ঠিক কৰি থৈছিল | কল্পনা পেহীৰ ছোৱালী আৰ্হিয়ে কিমান দিনৰপৰা যে সিঁহত দুয়োকে কৈ আছে যাবলৈ | ভবামতেই দুয়োৱে আজি পুৱাতেই দেউতাকৰ সৈতে পেহীয়েকৰ ঘৰলৈ বুলি ৰাওনা হ’বলৈ কাপোৰ -কানি পিন্ধি সাজু হ’ল | আৰ্হিয়ে সিহঁত দুয়োৰে বাবে পুৱাৰেপৰাই বাট চাই আছিল | লহি লহিয়াওৱাৰ পৰতহে সিঁহতে গন্তব্য স্থান পালেগৈ | বহুদিনৰ মূৰত লগ পাই তিনিওৰে মনত আনন্দৰ সীমা নেহোৱা হ’ল | ওৰেটো মাহ কি কৰিব , ক’লৈ যাব , কি খেলিব কত কিমান যে পৰিকল্পনা সিঁহতৰ ! “তৰা, বিভূ.. উঠা আক’ | আজি মই তোমালোকক কাৰ ঘৰলৈ লৈ যাম বুলি কৈছিলোঁ পাহৰিলানে ? “ দুয়োৰে গাত হেঁচুকি টোপনিৰপৰা জগাবলৈ চেষ্টা কৰি আৰ্হিয়ে কৈ উঠিল | আৰ্হিৰ মাতত দুয়ো সাৰ পাই বিছনাত উঠি বহিল | “যোৱা , মুখ ধুই মায়ে সাজি থোৱা জলপানখিনি খাই লোৱাগৈ |” আৰ্হিয়ে আজি তৰা আৰু বিভুক ঊষা জেঠাইৰ ঘৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰি থৈছিল | ঊষা জেঠাই সেইটো অঞ্চলৰ বয়স নিৰ্বিশেষে সকলোৰে বাবে জেঠাই | আৰ্হিয়ে পঢ়া বিদ্যালয়ৰ কাষৰতে এখনি চালিৰ তলত সৰু পোহাৰ এখন দি কোনোমতে অকলে জীৱন নিৰ্বাহ কৰা ঊষা জেঠাইজনী আটাই

EMOTIONAL LITERACY

Image
Emotional Literacy : Its Need in Early Education Stages The term 'Emotional Literacy' is often used synonymously with 'Emotional Intelligence (E.I.) as they both refer to the ability to recognize  , understand  , manoeuvre and appropriately express emotions. It suggests a person's ability to communicate their emotions verbally and read them in others. The term 'Emotional Intelligence' was coined by Peter Salovey and John D. Mayer to denote a person's ability to identify and articulate feelings. To be emotionally literate is crucial for developing one's mental health and also physical well-being , as both are inextricably connected.  The five components of Emotional literacy are a) self-awareness, b) self-regulation, c) intrinsic motivation, d) empathy and e) social skills. Self-awareness is the ability to recognize and comprehend own emotions and drives, as well as their effect on others. Self -regulation is the efficiency to control and redirect destruc

কাল-দ্যোতনা

Image
লেখালৈ এৰাই যাওক কাল-দ্যোতনা এজাক নিয়ৰৰ ফুচফুচনিত সাৰ পাই উঠে এটি বিনিদ্র দোকমোকালি এন্ধাৰৰ বুকুত মুখ গুজি সময়বোৰে খেপিয়াই ফুৰে কিছু বিক্ষিপ্ত আশা.. অস্থিৰ সময়ে জীৱনৰ পাটীগণিত লুটিয়ায় ; ক্লান্ত হৈ পৰে পৃষ্ঠাই পৃষ্ঠাই ওলমি থকা যন্ত্রণাৰ সৰলৰেখাবোৰ দেখি! কুটিল সময়ে অভিমান কৰে , যুদ্ধ কৰে অবিৰাম …. কাল্পনিক সংখ্যাৰ বিৰুদ্ধে জীৱন-বৃত্তৰ একঘেয় পৰিধিৰ বিপক্ষে আৰ্ত সময়ে কুৰুকি পেলায়, কুঁটি কুঁটি খায় — জীৱনৰ অমোঘ সত্য , জীয়াই থকাৰ উপজীব্য… কৃষ্ণা সোণোৱাল

ডিচ্চিৰ কথাৰে.....

লেখালৈ এৰাই যাওক ডিচ্চিৰ কথাৰে … ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা ধুম !! ওখ গছজোপাৰ একেবাৰে ওপৰৰ ডালটোত বহি ডিচ্চিয়ে তাইৰ সৰু ঢোলটো বজাবলৈ ধৰিলে | ঢোলৰ মাত শুনি তাইৰ সৰু ভায়েক তিনিটাও এটা এটাকৈ ডাঙৰ জোপোহা গছডাল বগাই ওপৰলৈ উঠি আহিল আৰু সিহঁতৰ মৰমৰ ভেঁড়াটোৱে তলৰ ঘাঁহনিতে ইফালে সিফালে চৰি পায়চাৰি কৰি ফুৰিল | “ডিচ্চি… !” ওখ দেৱদাৰু , পাইন গছবোৰৰ মাজেৰে ককাকৰ মাত প্ৰতিধ্বনিত হৈ অহা তাই শুনিববৈ পালে ,. তেওঁ যে তাইকে ৰিঙিয়াই মাতি আছে। “ আঁহা … আইতাৰাৰ ওচৰৰপৰা আঁহোগৈ আমি , নদীখন পাৰ হ’ব লাগিব নহয় … ! ল’ৰাহঁত , তোমালোকে ভেঁড়াটোক ভালকৈ লৈ যাবা দেই ঘৰলৈ | “ “ আমিও যাম ককা “ শ্যামে চিঞঁৰি ক’লে | “ এইবাৰলৈ নহয় , পিছত যাবা … “ ককাকে দৃঢ়ভাৱে ক’লে | “ ডিচ্চি আইতাৰাৰ কাষত কেইদিনদিন থাকিব চোৱা-চিতা কৰিবলৈ ; তেওঁ এতিয়া বৰ অসুখীয়া | “ ককাকে তেওঁ লগত অনা গাধটোক নদীৰ পানীৰ মাজেৰে আগুৱাই লৈ গ’ল | ডিচ্চিয়ে তাইৰ চোলাটো পানীত নিতিতাকৈ ওপৰত কোঁচাই ল’লে | তাইৰ ভৰিৰ আঙুলিত নদীৰ চেঁচা পানী লগাত তাই পুলকিত হৈ স্ফূৰ্তিতে পানীত জঁপিয়াই উঠিল | তাকে দেখি কাষতে নদীত জাল পেলাই মাছ ধৰি থকা খুড়াকে কৈ উঠিল

এলবাৰ্টিনা চিচুলু : এক সাহসী সত্তা

লেখালৈ এৰাই যাওক মূল = Liesl Jobson ৰ Together We’re Strong : Albertina Sisulu এলবাৰ্টিনা চিচুলু : এক সাহসী সত্তা ঠেৰেঙালগা প্ৰচণ্ড শীতৰ সময়ৰ কথা.. গাওঁখনৰ বহুতো লোক এক অচিন, দুৰাৰোগ্য বেমাৰত আক্রান্ত হৈ পৰিছিল। মা মণিকাঝিৰ দেহতো লাহে লাহে এই ৰোগৰ লক্ষণে দেখা দিছিল। ঠেটুঁৱৈ ধৰা জাৰৰ দিনতো তাইৰ সৰ্বশৰীৰৰপৰা অহৰহ ঘাম বৈ আছিল, গৰমৰ প্ৰকোপত তাইৰ গালদুখন দগ্ধ হৈ যোৱা যেন লাগিছিল। তাইৰ মন গৈছিল বৰফাবৃত গোটেই ঘাঁহবোৰ যেন মুখমণ্ডলত ঘঁহি পেলাব। তাই নিজৰ স্ফীত উদৰত হাত থৈ ধৰালৈ আহিবলগীয়া শিশুটিক উদ্দেশ্যি ক’লে, ” সাহসী হ’বা, মোৰ বাচা, শীত সোনকালেই শাম কাটিব, আমি একেলগে সদায় শক্তিশালী। ” শিশুটিয়েও যেন কিবা বুজি পাই পেটৰ ভিতৰতে ভৰি আচাৰি মাকক তাৰেই ইংগিত দিলে। মণিকাঝি বিচনাত উঠি বহিল। মাজনিশা আপদীয়া ভোক এটাই উজাই অহাত আগৰে বাকী ৰোৱা মাংস অকণ চোবাই গিলি থ’লে । ভোকটো চোন কিবা চিৰবৈৰী!! দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ থাকিল। এটা জোনাকভৰা নিশা হঠাতে তাইৰ উশাহ ঘন হৈ আহিছিল… মণিকাঝিয়ে বুজিছিল যে পৃথিৱীৰ বুকুলৈ তাইৰ দ্বিতীয়টি সন্তানৰ আগমনৰ সময় সমাগত। চুবুৰীয়া এণ্টীলা, কাৰদপাহঁতে তাইৰ প্ৰসৱত সহায় কৰিবল

হিন্দী গল্পৰ অনুবাদ --- পত্নী

মূল গল্প : পত্নী (হিন্দী)                      গল্পকাৰ : জৈনেন্দ্ৰ কুমাৰ                      অনুবাদ : কৃষ্ণা সোণোৱাল লেখক পৰিচিতি - জৈনেন্দ্ৰ কুমাৰ (০২ জানুৱাৰী ১৯০৫ - ২৪ ডিচেম্বৰ ১৯৮৮) হিন্দী সাহিত্য জগতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক । প্ৰেমচন্দোত্তৰ হিন্দী সাহিত্যিকসকলৰ ভিতৰত জৈনেন্দ্ৰ কুমাৰৰ স্থান বিশিষ্ট । তেওঁ আছিল একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নিৱন্ধকাৰ তথা অনুবাদক । তেখেতৰ সৃষ্টিসমূহৰ ভিতৰত পৰখ, সুনীতা, পূৰ্বোদয়, বাতায়ন, জয়সন্ধি, নীলম দেশ কী ৰাজকন্যা ইত্যাদি উল্লেখযোগ্য । হিন্দী সাহিত্যৰ ইতিহাসত মনোবিশ্লেষণাত্মক পৰম্পৰাৰ সূচনা তেখেতেই কৰিছিল । তেওঁৰ ৰচনাসমূহত চৰিত্ৰবোৰৰ বাহ্যিক সংঘটনাবোৰৰ অন্তৰালত নিহিত হৈ থকা মনোজগতৰ সূক্ষ্ম চাৰিত্ৰিক দেশসমূহ সুন্দৰকৈ প্ৰতিফলিত হয় । উত্তৰ প্ৰদেশৰ কৌঢ়িয়ালগঞ্জত আনন্দীলাল নামেৰে জন্মগ্রহণ কৰা এইজনা সাহিত্যিকে ১৯৬৬ চনত সাহিত্য অকাডেমী বঁটাৰে আৰু ১৯৭১ চনত পদ্মবিভূষণ উপাধিৰে বিভূষিত হৈছিল ।    পত্নী চহৰখনৰ এটি অৱহেলিত পুৰণি দুমহলীয়া ঘৰ । দেৱালবোৰত সময়ৰ কোবাল সোঁতে আঁকি থৈ যোৱা আঁচোৰৰ চিন সুস্পষ্ট । ভাৰাক্ৰান্ত এটি দুপৰীয়া । চৌকাৰ আঙঠা সম