Skip to main content

ডিচ্চিৰ কথাৰে.....

ডিচ্চিৰ কথাৰে …



ধুম ধাড়াক্কা !
ধুম ধাড়াক্কা !
ধুম ধাড়াক্কা ধুম !!

ওখ গছজোপাৰ একেবাৰে ওপৰৰ ডালটোত বহি ডিচ্চিয়ে তাইৰ সৰু ঢোলটো বজাবলৈ ধৰিলে | ঢোলৰ মাত শুনি তাইৰ সৰু ভায়েক তিনিটাও এটা এটাকৈ ডাঙৰ জোপোহা গছডাল বগাই ওপৰলৈ উঠি আহিল আৰু সিহঁতৰ মৰমৰ ভেঁড়াটোৱে তলৰ ঘাঁহনিতে ইফালে সিফালে চৰি পায়চাৰি কৰি ফুৰিল |

“ডিচ্চি… !” ওখ দেৱদাৰু , পাইন গছবোৰৰ মাজেৰে ককাকৰ মাত প্ৰতিধ্বনিত হৈ অহা তাই শুনিববৈ পালে ,. তেওঁ যে তাইকে ৰিঙিয়াই মাতি আছে।

“ আঁহা … আইতাৰাৰ ওচৰৰপৰা আঁহোগৈ আমি , নদীখন পাৰ হ’ব লাগিব নহয় … ! ল’ৰাহঁত , তোমালোকে ভেঁড়াটোক ভালকৈ লৈ যাবা দেই ঘৰলৈ | “

“ আমিও যাম ককা “ শ্যামে চিঞঁৰি ক’লে |
“ এইবাৰলৈ নহয় , পিছত যাবা … “ ককাকে দৃঢ়ভাৱে ক’লে |
“ ডিচ্চি আইতাৰাৰ কাষত কেইদিনদিন থাকিব চোৱা-চিতা কৰিবলৈ ; তেওঁ এতিয়া বৰ অসুখীয়া | “
ককাকে তেওঁ লগত অনা গাধটোক নদীৰ পানীৰ মাজেৰে আগুৱাই লৈ গ’ল | ডিচ্চিয়ে তাইৰ চোলাটো পানীত নিতিতাকৈ ওপৰত কোঁচাই ল’লে | তাইৰ ভৰিৰ আঙুলিত নদীৰ চেঁচা পানী লগাত তাই পুলকিত হৈ স্ফূৰ্তিতে পানীত জঁপিয়াই উঠিল | তাকে দেখি কাষতে নদীত জাল পেলাই মাছ ধৰি থকা খুড়াকে কৈ উঠিল , “ এই সাৱধান , পৰি যাবা | “
তেনেতে হঠাতে নদীত এটা বৃহৎ ঢৌ বাগৰি অহাত তত্ ধৰিব নোৱাৰি ডিচ্চি বাগৰি পৰিবই ওলাইছিল ; খুড়াকে লৰি গৈ তাইক ধৰাতহে কথমপি পানীত নপৰিল তাই |
পিছে তাইৰ বাওঁ ভৰিখন পানীৰ তলত থকা প্ৰকাণ্ড শিল এটাত উজুটি খাই তললৈ সোমাই গ’ল | গাধটোৰ সৈতে আগে আগে গৈ থকা ককাৰ মাত পানীৰ সোঁতৰ শব্দৰ সৈতে মিলি পৰিছিল | পানীৰ কোবাল সোঁতত গাধটো আনফালে উটি গৈছিল , তাৰ পিঠিত বোজা কৰি অনা লাম-লাকটুবোৰ পানীত সিঁচৰতি হৈ পৰিছিল |

খুড়ায়ো কেনেবাকৈহে পানীত নিজৰ থৰকাচুটি নেহেৰোৱাকৈ আছিল | তেওঁ ডিচ্চিৰ ভৰিখন শিলটোৰ ফাঁকৰপৰা ওলাবৰ বাবে পাৰেমানে চেষ্টা কৰি আছিল… “ উহ , বেচেৰীজনী !! “
লাহে লাহে বোকাময় পানীবোৰ নদীৰ সোঁতত আহি তাইৰ শৰীৰত বাগৰি পৰিছিলহি | প্ৰচণ্ড ঠেলা এটা মাৰি অৱশেষত খুড়াকে তাইৰ ভৰিখন শিলৰ ফাঁকৰ মাজৰপৰা মুক্ত কৰিবলৈ সক্ষম হৈছিল | বিষ যন্ত্ৰণাত কেঁকাই খুড়াকৰ কোলাত উঠি তাই ঘৰ পালেগৈ | মাকে তাইক তেনে অৱস্থাত দেখি উধাতু খাই লৰি আহিল আৰু ৰাউচি জুৰি বিনাবলৈ ধৰিলে , বাওঁ ভৰিৰ বিষত ৰ’ব নোৱাৰি তাই ঢলি পৰিল |

ডিচ্চিক মাকৰ সৈতে থৈ খুড়াকে এইবাৰ ককাকক বিচাৰি ওলাল | কিন্তু বহুত বিচৰাৰ পিছতো ক’তো ককাকৰ কোনো সন্ধান পোৱা নগ’ল | কিছুদিনৰ পিছত নদীৰ পাৰত ককাকৰ মৃত শৰীৰ উদ্ধাৰ হৈছিল |

আমন-জিমনকৈ ডিচ্চি ঘৰৰ চোতালত বহি কিছুমান ভাৱত বিভোৰ হৈ আছিল | কোনোবাই কোৱা তাইৰ মনত পৰিছিল যে বহিৰাগত বিভিন্ন কোম্পানীৰ লোক আহি সিহঁতৰ নদীৰ পাৰৰ ভালেমান গছ কাটি নিছিল | গছবোৰ কাটি নি তাৰে হেনো সিঁহতে ক্ৰিকেট খেলৰ বেট আৰু আন বিভিন্ন খেলা সামগ্ৰী সাজে | তাইৰ বৰ খং উঠিছিল “ কিয় কাটি তহিলং কৰে আমাৰ গছবোৰ ? নাজানেনে তেওঁলোকে তেনেকৈ গছবোৰ সোপাকে কাটি নি নি শেষ কৰাৰ বাবেই সৌ পাহাৰৰ ঢাপৰ মাটিবোৰ খহি আহে নদীলৈ !! আৰু বাম হৈ পৰে আমাৰ নদীখন , এটা ঢৌৱেই বানৰ সৃষ্টি কৰি কত যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি নিলে !! নুবুজেনে তেওঁলোকে ? “ আৰু তাইৰ মৰমৰ ককাকজন …. তেওঁকোতো হেৰুৱালে তাই !! বিমৰ্ষ হৈ তাই দুখ পোৱা বাওঁ ভৰিখখনৰ আঁঠু অংশত চুই চালে |
পাহৰিব পাৰিবনে তাই কেতিয়াবা সেই হিমশীতল নদীৰ পানী ? তাইৰ এতিয়াও মনত পৰে সিদিনাৰ সেই ভয়াবহ মুহূৰ্তখিনি …

নাই নাই … খুড়াকে তাইক প্ৰায়ে কয় আমি সদায় ভাল কথাবোৰ মনলৈ আনিব লাগে , সদায় ভাল ভাল চিন্তা কৰিব লাগে | কথাখিনি মনলৈ অহাৰ লগে লগে তাইৰ ভিতৰত এক অদম্য সাহস জাগি উঠিল যিয়ে তাইৰ সকলো ভয়, বেয়া চিন্তা পলকতে দূৰ কৰি পেলালে | এতিয়াও তাইৰ কাষত তাইৰ সাদৰী মাকজনী আছে , মৰমৰ ভায়েককেইটা আছে | খুড়াক খুড়ীয়েকেও সিহঁতৰ বৰ যতন লয় | নিজৰ সন্তান তেওঁলোকৰ নাই | ডিচ্চিয়ে খুড়াকক নিজৰ ককাকৰ সমানেই ভাল পায় , পিছে যেতিয়া তাই খুড়ীয়েকে তাইৰ মাকক কোৱা শুনে যে খুড়াকৰ জুৱা খেলা অভ্যাসৰ বাবে আজিকালি বৰ সমস্যা হয় বুলি, তেতিয়া তাইৰ কুমলীয়া মনটো মোচৰ খাই যায় … “ খুড়া !!.. জুৱা খেলে !! এয়া হ’ব পাৰেনে !?”

সময়বোৰ নিজ গতিৰে গৈ থাকে | সময়ৰ লগে লগে ডিচ্চি আৰু তাইৰ মৰমৰ পৰিয়ালটোও এক নিৰ্দিষ্ট জীৱনশৈলীত বান্ধ খাই পৰে |

ডিচ্চিয়ে তাইৰ ঘৰৰ কাষৰ অৰণ্যখনৰ গছবোৰৰ সৈতে উমলি বৰ ভাল পায় | এদিন তাই অকলে গৈ গছ এজোপাৰ ডাল এটাত বহি তলৰ ঘাঁহনিলৈ চাই আছিল , এনেতে তাইক গছজোপাই কাণে কাণে যেন ক’লে , “ মোৰ ডালবোৰ ক্ষীণ , চুটি কিন্তু মজবুত, শক্তিশালী“ |

ডিচ্চিয়ে তাই বহি থকা ডালটোৰপৰা কিছু আৰু ওপৰত থকা ডাল এটালৈ বগাই গৈ তাত থকা চৰাইৰ বাঁহটো নিৰীক্ষণ কৰাত লাগিল | তেনেকৈয়ে কিছুপৰ মগন হৈ থাকিল তাই |

“ ডিচ্চি , সভা আৰম্ভ হ’ল , সোনকালে আঁহা “ , ভায়েক শ্যামৰ গগনফলা চিঞঁৰ শুনি তাই একেকোবে বিজুলী গতিৰে গছৰ ওপৰৰপৰা নামি আহিল | তলত নামি তাই তাৰ পিছে পিছে সভা বহা গছজোপাৰ তললৈ বুলি খোজ ল’লে | ইতোমধ্যে গাঁৱৰ ৰাইজ আহি গৌৰী নামৰ বয়োজেষ্ঠ্য মহিলাগৰাকীক আগুৰি চাৰিওফালে বহি পৰিছিল |
সভা আৰম্ভ হৈছিল | গৌৰীয়ে ভাষণত ক’বলৈ ধৰিলে , “ আমি নিৰক্ষৰ হ’ব পাৰোঁ , কিন্তু আমি অজ্ঞানী নহওঁ | আমি আমাৰ অঞ্চলৰ অমূল্য গছবোৰ কাটি তহিলং কৰিবলৈ নিদিওঁ , কোনো বহিৰাগত কোম্পানীয়ে আমাক চলাহী কথাৰে পতিয়ন নিয়াই গছ নিলামত দিব নোৱাৰিব | যেতিয়া কোম্পানিৰ ঠিকাদাৰ চন্দ্ৰ আহি লগত অনা শ্ৰমিকসকলক কুঠাৰেৰে এফালৰপৰা গছবোৰ কাটি যাবলৈ নিৰ্দেশ দিব, তেতিয়া আমি সকলোৱে আগবাঢ়ি গৈ আমাৰ গছবোৰক জোৰকৈ সাৱতি ধৰিমগৈ | আৰু সংহাৰ হ’বলৈ দিব নোৱাৰি |”

সকলোৱে গৌৰীৰ কথাত হয়ভৰ দি শ্ল’গান দিব ধৰিলে | ডিচ্চিয়েও তাইৰ সৈতে থকা সৰু ঢোলটোতে চেও কেইটামান দি স্ফুৰ্তিতে জুৰিলে –

ধুম ধাড়াক্কা ! ধুম ধাড়াক্কা !
ধুম ধাড়াক্কা ধুম !!

তাইৰ পিছে পিছে গাঁৱৰ আন শিশুবোৰো আহি তাইক যোগ দিলেহি | ডিচ্চিৰ মনোবল বাঢ়িল | তাই সকলোকে সুধিলে , “ কোৱাচোন বাৰু , অৰণ্যই আমাক কি দিয়ে , কি কি পাওঁ আমি অৰণ্যৰপৰা ?”

“ মাটি , পানী আৰু বিশুদ্ধ বায়ু পাওঁ |” সকলোৱে সমস্বৰে চিঞঁৰি উত্তৰ দিলে |

কিছুপৰ পিছতেই কোম্পানিৰ ঠিকাদাৰ চন্দ্ৰৰ নেতৃত্বত বহুসংখ্যক শ্ৰমিক তাতে উপস্থিত হৈ এফালৰপৰা বগা চকমাটিৰ পেঞ্চিলেৰে গছবোৰৰ গাত ‘ × ‘ চিহ্ন দি যাবলৈ উদ্যত হ’ল | গাঁৱৰ ৰাইজৰ মাজত হুৱাদুৱা লাগিল | খঙত একো নাই হৈ তেওঁলোকে কুঠাৰৰ ঘাপ খাবলৈও আগবাঢ়ি আহিল আৰু নিজৰ শ্ল’গান সজোৰে অব্যাহত ৰাখিল |
“ আমি আমাৰ গছবোৰ কাটি পেলাবলৈ নিদিওঁ … সকলোৱে ওলাই আঁহা , সজাগ হোৱা আৰু গছ কাটিবলৈ অহা মানুহবোৰক খেদি পঠাওঁ আঁহা “

ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম

ঠিকাদাৰ চন্দ্ৰই পৰিস্থিতি বিষম দেখি এক আসুৰিক অভিব্যক্তি প্ৰকাশ কৰি সকলো শ্ৰমিকসহ বাছত উঠি তাৰপৰা গুচি গ’ল |

পিছদিনাও সকলোৱে নিজৰ আন্দোলনক এক সফল ৰূপ দিবৰ বাবে ভাগে ভাগে উঠি পৰি লাগিল | এক সজাগতা অভিযান আৰম্ভ কৰা হ’ল | শিশু সকলো বাদ পৰি যোৱা নাছিল – সিহঁতে ৰাইজক সজাগ কৰিবলৈ নতুন নতুন শ্ল’গান প্ৰস্তুত কৰিছিল , নিজৰ নিজৰ ফলিত বিভিন্ন গছৰ ছবি আঁকিছিল , ঢোল বজাই নৃত্য কৰিছিল |

“ আমাৰ মাটি , আমাৰ পানী , অৰণ্যও আমাৰেই |
আমাৰ পূৰ্বজসকলে ৰুই যোৱা সম্পদক ৰক্ষাৰ দায়িত্বও আমাৰেই | “

ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম !!

বিদ্যালয় ছুটীৰ পিছত ডিচ্চি আৰু তাইৰ ভায়েকসকলে সিহঁতৰ ভেঁড়াটোক চৰাবলৈ অৰণ্যখনলৈ গৈছিল | গাঁৱৰ আন শিশুসকলৰ দৰেই সিহঁতেও অৰণ্যৰ গছবোৰক সন্ধিয়া বেলি পৰালৈকে সাৱতি ধৰি থাকিল | সন্ধিয়া ঘৰলৈ উভতাৰ পথত সিহঁতৰ মূৰৰ ওপৰত এজুম জোনাকী পৰুৱাই ভিৰ কৰিছিলহি |

ডিচ্চিৰ পিছে তেতিয়াও ঘৰলৈ উভতিবৰ সমূলি মন নাছিল , মৰমৰ গছডাল সাৱতি তাই বহুসময় আত্মবিভোৰ হৈ আছিল , যেনিবা গছডালৰ সৈতে তাই কাণে কাণে কিবা কথাহে পাতিছিল!
“ মোৰ মৰমৰ গছডালক কোনেও একো কৰিব নোৱাৰে !! “ নিজকে ক’লে ডিচ্চিয়ে |
সময়ে সকলো ঠিক কৰি দিয়ে… সকলো ঠিক হৈ যাব — তাই নিজকে প্ৰবোধ দিলে | ভাল কথা ভাবি বৰ জোৰ পায় তাই মনত !

ৰাতিৰ আন্ধাৰ ঘন হৈ আহিছিল.. সকলো এতিয়া নিজৰ নিজৰ ঘৰত..|
হঠাতে অৰণ্যৰ জীৱবোৰ যেন ৰাতি বিদাৰি ভয়তে চিঞঁৰিবলৈ ধৰিছিল | এখন জনপূৰ্ণ বাছ আহি পাহাৰটিলাটোৰ কাষতে ৰৈছিলহি…

একে পোছাক পিন্ধা শ্ৰমিকবোৰ এজন এজনকৈ নামি আহিছিল বাছৰপৰা | মুখত এমোকোৰা কৰ্কশ হাঁহি লৈ সকলোৰে শেষত সেয়া চন্দ্ৰ ঠিকাদাৰ |
ৰাতিৰ ঘোৰ অন্ধকাৰত সিহঁতৰ খোজবোৰ পাহাৰৰ টিলাত প্ৰতিধ্বনিত হৈছিল |

সকলোতকৈ পিছত অৰণ্যৰপৰা উভতি ঘৰলৈ বুলি বাট লোৱা ডিচ্চি তেতিয়াও ঘৰ পোৱাগৈ নাছিল | ছকামকা পোহৰত তাই গছৰ পাতৰ ফাঁকেৰে মানুহবোৰক দেখি বিতত হৈছিল |
“ মোৰ মৰমৰ গছডাল নোৱাৰা তোমালোকে কাটি পেলাবলৈ , বচোৱা… মোৰ গছডালক বচোৱা কোনোবাই “
উশাহ ঘন হৈছিল তাইৰ | কি কৰিব ভাবি নাপাই তাই ঘৰমুখে তৰানৰা ছিঙি দৌৰিছিল | আজি তাইৰ কণমানি কলিজাখনো কঁপি তাইৰ ঢোলটোৰ দৰেই জোৰ জোৰকৈ শব্দ কৰিছিল |

ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম !!

“ সহায় কৰা , ওলাই আঁহা “ — জোৰকৈ জোৰকৈ চিঞঁৰি চিঞঁৰি তাই প্ৰাণেপনে মাথোঁ দৌৰিছিল আৰু দৌৰিছিল |
“ মা “ , ঘৰ পাই ডিঙিৰ হেপ ঢুকি কোনোমতে তাই মাকক মাত লগাইছিল | মাকে বাহিৰলৈ লৰালৰিকৈ ওলাই গৈছিল |
“ মা , মোৰ গছজোপা… মা … সিহঁতে … মা … “ , ফোঁপাই ফোঁপাই ক’বলৈ চেষ্টা কৰিছিল তাই |
“ কি হ’ল ? কোন ‘সিঁহত’ … লাহে লাহে কোৱা… পানী অলপ খোৱাচোন “ মাকে কৈ উঠিল|
“ সেই যে গছ কটা মানুহবোৰ… আকৌ আহিছে মা … ডাঙৰ ডাঙৰ কুঠাৰ লৈ আহিছে … বাছ এখনত আহিছে … বহুত মানুহ, মা !! “
“ তাৰমানে সেয়া চন্দ্ৰ ঠিকাদাৰে অনা মানুহ … আমাৰ গছবোৰ কাটিবলৈ আহিছে , ৰ’বা , আমি সোনকালেই কিবা এটা কৰিব লাগিব “

“ তুমি ইয়াতে ৰোৱা মা , মই সকলোকে মাতি একগোট কৰি আনোঁ “ , কিবাকৈ উশাহটো লৈ ডিচ্চিয়ে বৰ কৰ্তৃত্বশীলতাৰে কৈ উঠিল |
ডিচ্চিয়ে তাইৰ ঢোলটো লগত লৈ ভায়েকহঁতৰ লগত ওলাই গ’ল
সকলোকে চিঞঁৰি চিঞঁৰি মাতিলে |
“ আমি সকলোৱে মিলি কিবা এটা কৰিবই লাগিব … সকৱোৱে ওলাই নাহিলে তেওঁলোকক ৰুদ্ধ কৰা সহজ নহ’ব !! “ ডিচ্চিৰ মাকে ক’লে |

সকলো মানুহ এজনকৈ এজনকৈ গোট খালে | গাওঁখনৰ বয়োজ্যেষ্ঠা গৌৰীয়ে ক’লে , “ আমি নিশ্চয় তেওঁলোকক বাধা দিম , কিন্তু আমি ধ্যান ৰাখিব লাগিব কোনেও যাতে হিংসাৰ আশ্ৰয় নলয় |”

ডিচ্চিৰ মনটো আনন্দত জঁপিয়াই উঠিল…

ধুম ধাড়াক্কা ধুম ধাড়াক্কা
ধুম ধাড়াক্কা ধুম

তাই সকলোকে চিঞঁৰি ক’লে , “ সকলোৱে গছবোৰক সাৱতি ধৰি থাকিবা | “
এইবাৰ তাই পুনৰ চিঞঁৰি সুধিলে , “ অৰণ্যৰপৰা আমি কি কি পাওঁ ? “
——- “ মাটি , পানী , বিশুদ্ধ বায়ু “ , সকলোৱে সমস্বৰে চিঞঁৰি উত্তৰ দিলে |
‘ × ‘ চিহ্ন দি যোৱা গছবোৰত আঙুলিৰে চুই উচুপি উঠিল কণমানি ডিচ্চি , “ কেনেকৈ এই নিৰীহ গছবোৰক কাটি পেলাব পাৰে সিহঁতে !!”

সমুখত চন্দ্ৰ ঠিকাদাৰক দেখি তাই জোৰকৈ গছজোপাক সাৱতি ধৰি ক’লে , “ নোৱাৰা তোমালোকে মোৰ গছডাল কাটিবলৈ …”

চন্দ্ৰ ঠিকাদাৰে তাইক হাতেৰে টানি গছজোপাৰপৰা আঁতৰাই আনিব খুজিলে |
ঠিকাদাৰৰ পিছফালে থিয় হৈ থকা মানুহবোৰৰ মাজৰপৰা এযুৰি চকুৱে ডিচ্চিক বৰ আচৰিত কৰি তুলিলে .. চকুত চকু থৈ তাই কৈ উঠিল , “ খুড়া !!!! তুমিও ?? “
তলমূৰ কৰি খুড়াকে উত্তৰ দিলে , “ জুৱা খেলি মই সকলো ধ্বংস কৰি পেলালোঁ, মাজনী .. মই বহুত ধৰুৱা হ’লোঁ , কাম বিচাৰিও কোনো কাম পোৱা নাই |”

ডিচ্চি আৰু ভায়েককেইটাই দৌৰি গৈ খুড়াকক সাৱতি ধৰিলেগৈ |

“ তুমি ভুল কৰিবলৈ ওলাইছিলা খুড়া , আমি সকলোৱে মিলি কাম কৰি ধাৰ পৰিশোধ কৰিব পাৰিম , আমি এখন উৰা-চাদৰ বৈ তাক বিক্ৰী কৰিও ধন ঘটিব পাৰিম, খুড়া “, ডিচ্চিয়ে ক’লে |

ৰামেও বায়েকৰ কথাত সুৰ মিলাই ক’লে , “ মই দোকানত কাম কৰি তোমাক সহায় কৰিম, খুড়া। “
শ্যামে ক’লে , “ মই পানী যোগানৰ কাৰখানাত কাম কৰি তোমাক সহায় কৰিব পাৰিম , খুড়া। “

খুড়াকৰ দুচকুৰে চকুলো বাগৰি আহিল , চন্দ্ৰ ঠিকাদাৰে তেওঁক দিয়া গাৰ পোছাক তেওঁ সোলোকাই পেলালে | হাতত ডিচ্চিৰ ঢোলটো লৈ তেওঁ জুৰিলে —- ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম ধাড়াক্কা ধুম …. !!
“ সকলোৱে কোৱা… অৰণ্যই আমাক কি কি দিয়ে ?”
“ মাটি , পানী আৰু বিশুদ্ধ বায়ু “ – সকলোৱে ক’লে |
“ মূৰ্খ … অৰণ্যৰপৰা আমি পানী, বায়ু নাপাওঁ .. কাঠ পাওঁ , ৰেজিন পাওঁ আৰু আৰ্থিক মুনাফা পাওঁ |” , বীৰদৰ্পে কৈ উঠিল চন্দ্ৰ ঠিকাদাৰে |
“ শুনা ল’ৰাহঁত , সকলোবোৰ গছ এফালৰপৰা কাটি যোৱা , এডালো নেৰিবা |” , শ্ৰমিকবোৰক নিৰ্দেশ দিলে চন্দ্ৰ ঠিকাদাৰে |

“ নাই নাই , আমাৰ গছবোৰ নাকাটিবা , কাতৰকৈ কৈছোঁ গছবোৰ নাকাটিবা “ , ডিচ্চিয়ে সজোৰে গছডালত ধৰি ঠিকাদাৰক অনুৰোধ কৰিলে |
“ গছবোৰেই আমাৰ ৰক্ষক |”

“ তাই ঠিকেই কৈছে , বান আহোঁতে তাই ককাকক হেৰুৱাব লগা হৈছিল |” , খুড়াকে যোগ দিলে তাইৰ কথাত |

ঠিকাদাৰে কাৰো কথাই গ্ৰাহ্য নকৰি গছ কাটিবলৈহে শ্ৰমিকবোৰক লৰালৰি কৰিবলৈ ক’লে |
চাৰিওফালে কান্দোনৰ ৰোল উঠিল |
ৰাতিৰ বতাহত কান্দোনৰ মাত বহু দূৰলৈ বিয়পি পৰিল |

কিন্তু কোনেও গছ এৰি আঁতৰি নোযোৱাত উপায়ন্তৰ হৈ এজন এজনকৈ সকলো শ্ৰমিকে হাতৰ কুঠাৰ মাটিত পেলাই দিবলৈ বাধ্য হ’ল | নিৰাশ হৈ চন্দ্ৰ ঠিকাদাৰ খঙত ৰ’ব নোৱাৰা হ’ল |

ডিচ্চিয়ে নিজৰ চকুকে যেন বিশ্বাস কৰিব পৰা নাছিল … কুঠাৰ এৰি শ্ৰমিকবোৰ আঁতৰি গৈছিল !!

“ মা , আমি কৰি দেখুৱালোঁ … এতিয়া আমি আমাৰ এই আন্দোলন দেশৰ সকলো অংশতে বিয়পাব লাগিব, মা। “

গাঁৱৰ সকলোৱে গছবোৰক সাৱতি ধৰি মনৰ উলাহতে কান্দি পেলালে |

সকলোৱে ইজনে আনজনৰ হাতত ধৰি বিজয়ৰ উল্লাসত নৃত্য কৰিব ধৰিলে |

ডিচ্চিৰ মৰমৰ গছবোৰে বতাহত হালি জালি নাচি উঠিল |
“ ময়ো তোমাৰ দৰেই … শক্তিশালী আৰু সাহসী … “ , গছজোপাক সাৱতি ধৰি তাই নিজৰ মনতে ভাবিলে |
ভাল কথা ভাবিলেই যে তাই সকলোতকৈ বেছি শক্তি পায় |


মূল ৰচনা : Chipko Takes Root (জয়ন্তী মনোকৰণ)


অনুবাদ : কৃষ্ণা সোণোৱাল



Comments

Popular posts from this blog

এলবাৰ্টিনা চিচুলু : এক সাহসী সত্তা

EMOTIONAL LITERACY

অকৃত্ৰিম