Skip to main content

অকৃত্ৰিম

অকৃত্ৰিম



তৰা আৰু বিভূৱে এইবাৰৰ গৰমৰ বন্ধটো কটাবলৈ কল্পনা পেহীয়েকৰ ঘৰলৈ যাবলৈ ঠিক কৰি থৈছিল | কল্পনা পেহীৰ ছোৱালী আৰ্হিয়ে কিমান দিনৰপৰা যে সিঁহত দুয়োকে কৈ আছে যাবলৈ | ভবামতেই দুয়োৱে আজি পুৱাতেই দেউতাকৰ সৈতে পেহীয়েকৰ ঘৰলৈ বুলি ৰাওনা হ’বলৈ কাপোৰ -কানি পিন্ধি সাজু হ’ল | আৰ্হিয়ে সিহঁত দুয়োৰে বাবে পুৱাৰেপৰাই বাট চাই আছিল | লহি লহিয়াওৱাৰ পৰতহে সিঁহতে গন্তব্য স্থান পালেগৈ | বহুদিনৰ মূৰত লগ পাই তিনিওৰে মনত আনন্দৰ সীমা নেহোৱা হ’ল | ওৰেটো মাহ কি কৰিব , ক’লৈ যাব , কি খেলিব কত কিমান যে পৰিকল্পনা সিঁহতৰ !

“তৰা, বিভূ.. উঠা আক’ | আজি মই তোমালোকক কাৰ ঘৰলৈ লৈ যাম বুলি কৈছিলোঁ পাহৰিলানে ? “ দুয়োৰে গাত হেঁচুকি টোপনিৰপৰা জগাবলৈ চেষ্টা কৰি আৰ্হিয়ে কৈ উঠিল | আৰ্হিৰ মাতত দুয়ো সাৰ পাই বিছনাত উঠি বহিল | “যোৱা , মুখ ধুই মায়ে সাজি থোৱা জলপানখিনি খাই লোৱাগৈ |” আৰ্হিয়ে আজি তৰা আৰু বিভুক ঊষা জেঠাইৰ ঘৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰি থৈছিল | ঊষা জেঠাই সেইটো অঞ্চলৰ বয়স নিৰ্বিশেষে সকলোৰে বাবে জেঠাই | আৰ্হিয়ে পঢ়া বিদ্যালয়ৰ কাষৰতে এখনি চালিৰ তলত সৰু পোহাৰ এখন দি কোনোমতে অকলে জীৱন নিৰ্বাহ কৰা ঊষা জেঠাইজনী আটাইৰে বৰ মৰমৰ | নহ’বনো কিয় ? এই কণমানিহঁতক ঊষা জেঠায়ে কম মৰম কৰেনে ! সকলোৰে যেন বন্ধু এই ঊষা জেঠাইজনী |

কিছুপৰ পিছত আৰ্হিয়ে তৰা আৰু বিভূক লগত লৈ উষা জেঠাইৰ এচলীয়া পোহাৰখনৰ কিছু নিলগত থকা সৰু ঘৰটিলৈ বুলি ওলাল | কিন্তু ই কি ? দুৱাৰত চোন তলা মৰা | ওচৰৰ মানুহক সুধিলত ক’লে যে যোৱাৰাতি কেইজনমান মানুহে হেনো ঊষা জেঠাইক ইয়াৰপৰা উচ্ছেদ কৰি পঠিয়াইছে | বহুদিনৰপৰা অঞ্চলটোৰ লোকে বিভিন্ন অপযশ , অপবাদেৰে অকলশৰীয়া মানুহজনীক ব্যতিব্যস্ত কৰি আহিছিল , তেওঁ এই ঠাই এৰি নগ’লে গোটেই অঞ্চলটোতে নানান বিলাই -বিপত্তিয়ে গা কৰি উঠিব বুলি গুজৱ উঠিছিল | ঊষা জেঠাইক ‘ডাইনী’ বুলি অভিহিত কৰিছিল সিহঁতে | কাহানিও কাৰো একো অনিষ্টসাধন নকৰা , সকলোকে সাদৰ কৰা জেঠায়েকজনীৰ বিষয়ে এনেবোৰ কথা আৰ্হিয়ে মাকৰপৰা কিছু জানিছিল | তথাপিও ঘটনাৰ এনে আকস্মিকতাত তাইৰ কণমানি মনটোৱে হাহাকাৰ কৰি উঠিছিল | তৰা আৰু বিভূৰে মিলি আৰ্হিয়ে তাইৰ সৈতে পঢ়া কেইটিমান বন্ধুৰ সহায়ত এটি আঁচনি পাঙিলে | কল্পনা পেহীয়েও আৰ্হিৰ পদক্ষেপত সঁহাৰি জনালে | আটায়ে মিলি সিহঁতে অঞ্চলটোত এখনি সজাগতা সভা পতাৰ যো-যা কৰিলে | ঊষা জেঠায়েক ক’ত আছে , কেনেকৈ বা আছে এনেবোৰ চিন্তা , দুৰ্ভাৱনাই শিশুকেইটিক ক্লিষ্ট কৰি তুলিছিল | কিছু শিশুৱে পিছে অভিভাৱকৰ অনুমতি নোপোৱা বাবে ইচ্ছা থকা স্বত্ত্বেও সজাগতা সভাবোৰত অংশ ল’ব পৰা নাছিল | এনেবোৰ কথায়ো শিশুহঁতক বিমৰ্ষ কৰিছিল | তথাপিও সিহঁতে নিজৰ কামত অটল হৈ আছিল |ঊষা জেঠায়েকক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰি উলিওৱাৰ সংকল্পৰে শিশুহঁতে ঘৰে ঘৰে গৈ স্থানীয় লোকক বুজাবলৈ চেষ্টা কৰিছিল যে কোনো ৰোগ , প্ৰাকৃতিক দুৰ্যোগ , আলৈ – আহুকালৰ বাবে এগৰাকী নিৰ্দোষীক জগৰীয়া কৰাটো সমস্যাৰ সমাধান হ’ব নোৱাৰে | এনেবোৰ ভিত্তিহীন কথাৰে কাৰোবাক ডাইনী সজাই অত্যাচাৰ কৰাটো অমূলক | কথাবোৰ বুজাবলৈ চেষ্টা কৰাৰ সমান্তৰালকৈ আৰ্হিহঁতে ঊষা জেঠাইৰ সন্ধানতো নামি পৰিছিল |কিন্তু ক’তো কোনেও জেঠায়েকৰ একো শুংসূত্ৰ পোৱা নাছিল | আৰ্হি , তৰা , বিভূ , দিজুহঁতে ঊষা জেঠাইক বিচাৰি ভালেমান ঠাই চলাথ কৰি ঘূৰি ফুৰিছিল | এনেদৰে হঠাতে এদিন ঘূৰি ফুৰোঁতে বাটৰ ইটো মূৰৰপৰা সিটো মূৰলৈ পাৰ হ’ব খোজোঁতেই এখন তীব্ৰবেগী বাছে আৰ্হিক মহতিয়াই থৈ যাব খুজিছিল , তেনেতে ইটো মূৰৰপৰা ধূলিয়ন কাপোৰ পৰিহিতা এগৰাকী নাৰীয়ে সজোৰে আহি তাইক টানি নিছিল আৰু কথমপি তাইৰ প্ৰাণৰক্ষা হৈছিল | ক্ষণিকতে বাটত মানুহৰ জুম বান্ধিছিল | কল্পনা পেহীও আহি ওলাইছিল, আৰ্হিক বুকুত সাৱতি তেওঁ হিয়া ঢাকুৰি কান্দিছিল | অলপ আঁতৰত ৰৈ তলমূৰ কৰি থিয় হৈ থকা সেই নাৰীগৰাকী আন কোনো নাছিল , সেয়া আছিল ঊষা জেঠাই | মলিয়ন মুখাবয়ব আৰু কাপোৰেৰে তেওঁক চিনি পোৱাই টান হৈছিল | সকলোৱে অপলক দৃষ্টিৰে ঊষা জেঠাইৰ ফালে চাই ৰৈছিল যাক তেওঁলোকে ডাইনী অপযশেৰে খেদি পঠিয়াবলৈ কুণ্ঠাবোধ কৰা নাছিল, তেঁৱেই এটি শিশুক মৃত্যুৰ মুখৰপৰা বচোৱা কথাটোৱে সকলোকে নিজৰ ভুল বুজি পোৱাত সহায় কৰিছিল | তৰা, বিভূ, দিজুহঁতে আৰ্হি ,কল্পনা পেহী আৰু ঊষা জেঠাইৰ হাতত ধৰি লৈ ঘৰমুৱা হৈছিল | লজ্জাত নত হৈ মানুহৰ জুমটোৱে তেওঁলোকক বাট এৰি দিছিল |



কৃষ্ণা সোণোৱাল 


Comments

Popular posts from this blog

এলবাৰ্টিনা চিচুলু : এক সাহসী সত্তা

EMOTIONAL LITERACY