Skip to main content

কাল-দ্যোতনা

কাল-দ্যোতনা



এজাক নিয়ৰৰ ফুচফুচনিত
সাৰ পাই উঠে এটি বিনিদ্র দোকমোকালি
এন্ধাৰৰ বুকুত মুখ গুজি
সময়বোৰে খেপিয়াই ফুৰে
কিছু বিক্ষিপ্ত আশা..

অস্থিৰ সময়ে
জীৱনৰ পাটীগণিত লুটিয়ায় ;
ক্লান্ত হৈ পৰে পৃষ্ঠাই পৃষ্ঠাই ওলমি থকা
যন্ত্রণাৰ সৰলৰেখাবোৰ দেখি!

কুটিল সময়ে অভিমান কৰে ,
যুদ্ধ কৰে অবিৰাম ….
কাল্পনিক সংখ্যাৰ বিৰুদ্ধে
জীৱন-বৃত্তৰ একঘেয় পৰিধিৰ বিপক্ষে

আৰ্ত সময়ে কুৰুকি পেলায়,
কুঁটি কুঁটি খায় —
জীৱনৰ অমোঘ সত্য ,
জীয়াই থকাৰ উপজীব্য…



কৃষ্ণা সোণোৱাল


Comments

Popular posts from this blog

এলবাৰ্টিনা চিচুলু : এক সাহসী সত্তা

EMOTIONAL LITERACY

অকৃত্ৰিম