দৌৰ.... জীৱনৰ বাবে !!

" ১৪/১১ ; দৌৰ... জীৱনৰ বাবে !! "

স্মিত বেলিটোৱে
সিদিনা পুৱাতেই পিন্ধি লৈছিল 
তেজোদীপ্ত এটি চোলা...

চৌদিশে ছটিয়াই দিছিল
প্ৰাণভৰা উচ্ছ্বাসৰ বন্যা..
আছিল য'ত অফুৰন্ত হেঁপাহ...
জীৱন জিনি যোৱাৰ--

কোনো বাধাই টলাব নোৱাৰা
কাহানিও সেও নমনা
সেই প্ৰাঞ্জলতাত টগবগাই উঠিছিল --
ভৰুণ এটি আশা
দুৰ্লংঘ্য  , দুৰ্নিবাৰ.... 

এয়া যে দৌৰ...
জীৱনৰ --
সংকল্পৰ --
সংহতিৰ... 
অবিৰাম , নিৰন্তৰ।।




---  © কৃষ্ণা সোণোৱাল
           ১৫/১১/২০২১

Comments

Popular posts from this blog

এলবাৰ্টিনা চিচুলু : এক সাহসী সত্তা

EMOTIONAL LITERACY

অকৃত্ৰিম